সমোচ্চাৰিত ভিন্নাৰ্থক শব্দ কাক বোলে? সমোচ্চাৰিত ভিন্নাৰ্থক শব্দ সমুহ | axomgyan


সমোচ্চাৰিত ভিন্নাৰ্থক শব্দ কাক বোলে?
উত্তৰ:- যিবােৰৰ উচ্চাৰণ প্রায় একে কিন্তু বানান আৰু অৰ্থত যথেষ্ট পার্থক্য দেখা যায় । তেনেকুৱা শব্দক সমােচ্চাবিত ভিন্নার্থক বোলে  ।

সমোচ্চাৰিত ভিন্নাৰ্থক শব্দ সমুহ-
(১) অঁটা -   প্রয়ােজনত পূৰণ হােৱা , জোৰা মাৰা
      অতা -   পৰিষ্কাৰ কৰা 
(২) আঁচল -  কাপােৰৰ আগ 
       আচল -  প্রকৃত 
(৩) কঠা -  মাটিৰ জোখ
      কথা -  বাক্য , মাত -   বােল
      কঁথা -  ফটা কাপােৰেৰে তৈয়াৰ কৰা কাপােৰ 
(৪) কʼলা -  এবিধ ৰং বা বৰণ
       কলা -  কাণেৰে নুশুনা
(৫) কুল -  জাত
       কূল -   নৈ বা সাগৰৰ পাৰ
(৬) কাণ -   শ্ৰৱণ ইন্দ্রিয়
       কান -  দাঁতি, কান্ধ
(৭) চাল -   ঘৰৰ ওপৰৰ আৱৰণ
       ছাল - মানুহৰ বা জন্তুৰ চামৰা, গছৰ বাকলি
(৮) চুটি -  যি দীঘল নহয় , চাপৰ
      ছুটি -   কামৰ পৰা জিৰণী বা বিদায় লােৱা
(৯) পাণি - হাত
       পানী -  জল
(১০) গিৰি - পৰ্বত
         গিৰী - গৃহস্থ
(১১) গঁড় -  এবিধ জন্তু
         গড় -  মাটিৰ ওখ ঢাপ
         গৰ -  কিহবাৰ তলত পাৰি দিয়া কাঠ
(১২) খাট - বিছনা
         খাত - খেতিৰ পাম
(১৩) দিন - দিৱস
         দীন - দুখীয়া , দৰিদ্ৰ 
(১৪) জ্বৰ - ব্যাধি বিশেষ 
         জড় - অচেতন পদার্থ 
(১৫) কণা - চকুৰে নেদেখা 
         কনা - আঁটি
(১৬) ছয় - ৬ নং সংখ্যা 
         চয় - ঠিক নােহােৱা
(১৭) চল - সুবিধা
         ছল - ঠগ , প্ৰতাৰণা
(১৮) চা - চোৱা 
         ছাঁ - ছাঁয়া
(১৯) চুৰি - চুৰি কৰা 
         ছুৰী - আগজোঙা কটাৰী 
(20) জান - জুৰি
         যান - বাহন
(২১) জুটি - ফান্দ
         জুতি - সােৱাদ
(২২) তলি - তলভাগ
         তলী - খেতি কৰা ঠাই
(২৩) পাণ - তামােলৰ লগত খােৱা এবিধ পাত
         পান - পি খােৱা 
(২৪) পুথি - কিতাপ
         পুঠি - এবিধ মাছ 
(২৫) চাল - ঘৰৰ চাল 
         ছাল - গছৰ বাকলি,প্ৰাণীৰ গাৰ ছাল
(২৬) ডৰ - ভয়
         দৰ - দাম
(২৭) পতি - স্বামী
         পটি - কাপােৰৰ পাৰি 
(২৮) বাৰি - পানী
         বাৰী - গছ - গছনি , পাচলি ৰােৱা ঠাই 
         বাঁৰী - বিধবা মানুহ 
(29) ভেটি - ওখ ঠাই
        ভেটি - গােপনে দিয়া বস্তু  
(৩০) শাপ - শাও দিয়া  
         সাপ - এবিধ সৰীসৃপ
(৩১) বাকি - ঢালি
         বাকী - ধাৰে দিয়া ।
Post a Comment (0)
Previous Post Next Post