পদ কাক বোলে ? ই কেই প্ৰকাৰ ? সূত্ৰ লিখি উদাহৰণ দিয়া ? | Axomgyan

(১)পদ কাক বোলে ? ই কেই প্ৰকাৰ ?

উত্তৰ:- বিভক্তি যুক্ত শব্দক পদ বোলে ।
            পদ পাঁচ প্ৰকাৰ:-
                  (ক) বিশেষ্য
                  (খ) বিশেষণ
                  (গ) সৰ্ব্বনাম
                  (ঘ) অব্যয় আৰু
                  (ঙ) ক্ৰিয়া


(২) বিশেষ্য পদ কাক বোলে ? সূত্ৰ লিখি উদাহৰণ দিয়া ?
উত্তৰ:- বস্তু, ঠাই, নদী, পৰ্বত আদিৰ নাম বুজোৱা পদক বিশেষ্য পদ বোলে ।
যেনে - ৰাম, ৰহিম , নাৰিকল, ধান ইত্যাদি ।

(৩) বিশেষণ পদ কাক বোলে ? সূত্ৰ লিখি উদাহৰণ দিয়া ?
উত্তৰ:- যি পদে বিশেষ্য পদৰ গুণ বা অবস্থা আদিক বুজায় তাকে বিশেষণ পদ বোলে।
যেনে - ধুনীয়া, দুষ্ট, ধনী, দয়ালু ইত্যাদি।

(৪) সৰ্ব্বনাম পদ কাক বোলে ? সূত্ৰ লিখি উদাহৰণ দিয়া ?
উত্তৰ:- বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্ব্বনাম পদ বোলে।
যেনে - মই, আমি, তাই, তেখেত ইত্যাদি।

(৫) অব্যয় পদ কাক বোলে ? সূত্ৰ লিখি উদাহৰণ দিয়া ?
উত্তৰ:- যিবোৰ শব্দত কোনো বিভক্তি যোগ নহয় তাক অব্যয় পদ বোলে।
যেনে - আৰু, নইবা, হেৰা, কিন্তু ইত্যাদি।

(৬) ক্ৰিয়া পদ কাক বোলে ? সূত্ৰ লিখি উদাহৰণ দিয়া ?
উত্তৰ:- যি পদে কোনো কাৰ্য্য হোৱা বা নোহোৱা বুজায় তাক ক্ৰিয়া পদ বোলে।
যেনে - গৰুৱে ঘাঁহ খায়। মই পঢ়ি আছো। ইত্যাদি।


Post a Comment (0)
Previous Post Next Post