আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ প্ৰশ্ন উত্তৰ Class 6 general science chapter 6 questions answer assamese medium

আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ

Class 6 general science chapter 6 questions answer assamese medium

১। পানী আৱদ্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজেৰে খােজ কাঢ়িবলে তােমালােকে সাধাৰণতে তােমালােকৰ পােচাক কোচাই চুটি কবি লােৱা । এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিনে ?
উত্তৰ:- পাৰি ।

২। তােমালােকে হঠাতে তােমালােকৰ প্রিয় পুতলাটো পেলাই ভাঙিলা । এই পৰিৱৰ্তনটো তােমালােকে বিচৰা নাছিলা । এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিব নে ?
উত্তৰ:- নোৱাৰি ।

৩। তলৰ তালিকাত কিছুমান পৰিৱর্তন দিয়া হৈছে । প্ৰতিটো পৰিৱৰ্তনৰ কাৰণে খালী স্তম্ভত পৰিৱৰ্তনটো বিপৰীতমুখী হ'ব পাৰে নে নােৱাৰে লিখা । 
উত্তৰ:-

ক্ৰমিক নং পৰিৱৰ্তন বিপৰীতমুখী হʼব পাৰে (হয়/নহয়)
কাঠ এটুকুৰা ফলা নহয়
বৰফ এটুকুৰা গলা হয়
পানীত চেনি দ্রবীভূত হােৱা হয়
খাদ্য ৰন্ধা নহয়
আম এটা পকি যােৱা নহয়
গাখীৰ দৈ হােৱা নহয


৪। কাগ এখনত ছবি আঁকিলে কাগজখনৰ পৰিৱৰ্তন হয় । এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিনে ? 
উত্তৰ:- পেন্সিলেৰে কাগজখনত ছবি আঁকিলে পৰিৱৰ্তনক বিপৰীত মুখী কৰিব পাৰি । 
      সেই ছবি যদি ৰঙেৰে আঁকা হয় তেন্তে এই পৰিৱৰ্তন বিপৰীতমুখী নহ'ব ।

৫। বিপৰীতমুখী হ'ব পৰা আৰু বিপৰীতমুখী হ'ব নােৱাৰা পৰিৱৰ্তনবােৰৰ মাজত থকা পার্থক্য উদাহৰণ সহ ব্যাখ্যা কৰা । 
উত্তৰ:- কোনাে এটা পদার্থ পৰিৱৰ্তনৰ পিছত পুনৰ আগৰ অৱস্থালৈ যােৱাকে বিপৰীতমুখী বুলি কোৱা হয় । যেনে — ভাঁজ কৰি থােৱা কাগজৰ নূৰা । 
      আকৌ যদি কোনাে পদার্থ পৰিৱৰ্তনৰ পিছত পুনৰ আগৰ অৱস্থালৈ পৰিৱর্তিত হ’ব নােৱাৰে তেন্তে তাক বিপৰীতমুখী হ’ব নােৱাৰে বুলি কোৱা হয় । যেনে - জ্বলি যােৱা এটুকুৰা কাগজ ।

৬। ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত প্লাষ্টাৰ অৱ পেৰিচৰ এটা ডাঠ প্রলেপ দিয়া হয় । ই শুকাই কঠিন হৈ পৰে আৰু ভঙা হাড়ডালক লৰচৰ কৰিব নােৱাৰাকৈ বাখে । প্লাষ্টাৰ অৱ পেৰিচত হােৱা পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিনে ? 
উত্তৰ:- নোৱাৰি ।

৭। বাহিৰত পৰি থকা এক বস্তা চিমেন্ট ৰাতি বৰষুণ হােৱা বাবে তিতিলে । পিচদিনাখন ভালদৰে ৰ'দ ওলাল । তােমালােকে বাৰু ভাবানে চিমেন্টৰ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন বিপৰীতমুখী কৰিব পাৰি ?
উত্তৰ:- নোৱাৰি ।

www.axomgyan.in
Post a Comment (0)
Previous Post Next Post